![]()
এইবাৰ নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ ক্ষেত্ৰত চিন্তা-চৰ্চা কৰিছে বিশ্বৰ শীৰ্ষ ধনী ব্যক্তি এলেন মাস্কে। কিন্তু কিয় হঠাৎ এই চিন্তা? প্ৰকৃততে টুইটাৰত তেওঁ এটা বিষয়ত জনগণৰ মতামত জানিব বিচাৰিছিল। বিষয়টি হৈছে, টুইটাৰত বাক স্বাধীনতা খর্ব হৈছে নেকি?
তাত এজন ব্যক্তিয়ে প্রশ্ন কৰে, মাস্কে নতুন কোনো ছচিয়েল মিডিয়া প্লেটফর্ম সৃষ্টিৰ কথা ভাবিছে নেকি। উত্তৰত তেওঁ কয়, বাক স্বাধীনতাক অগ্রাধিকাৰ দিয়া হ’ব আৰু সকলোতকৈ কম অপপ্রচাৰ চলা ধৰণৰ এক ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ ক্ষেত্ৰত গভীৰ চিন্তা-চৰ্চা কৰিছে।
উল্লেখ্য, টুইটাৰৰ নীতি সন্দৰ্ভত বহু দিন ধৰি সৰৱ হৈ আহিছে এলেন মাস্ক। টুইটাৰত বাক স্বাধীনতা খর্ব হৈছে নেকি সেয়া জানিবলৈ বিচাৰি তেওঁ সকলোকে ভালদৰে জানি-বুজি মন্তব্য কৰিবলৈও কয়। তেওঁ লগতে কয়, এই গণভোটৰ ফলাফল গুৰুত্বপূর্ণ হ’ব।
কিন্তু প্ৰায় ৭০ শতাংশ মানুহেই কৈছে, টুইটাৰত বাক স্বাধীনতা খর্ব হোৱা নাই। উল্লেখ্য, টুইটাৰৰ পৰা বিতাড়িত হোৱাৰ পিছত যোৱা মাহত নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম ‘ট্রুথ ছচিয়েল’ উদ্বোধন কৰিছে প্রাক্তন মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে। প্রথমদিনাই সেয়া আইফোন ক্লাউডৰ ডাউনলোড তালিকাত এক নম্বৰলৈ উঠে।











