‘অসম চৰকাৰৰ ১ লাখ চাকৰিৰ ৮৫হাজাৰ বিজ্ঞাপন ৯মাহত প্ৰকাশ হল আৰু ১৫হাজাৰৰ বিজ্ঞাপন হলেই আমি ১লাখৰ লক্ষ্যত উপনীত হম’-এই মন্তৱ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।৪০-৫০হাজাৰ নিযুক্তি ইন্টাৰভিউ বিভিন্ন পৰ্যায়ত চলি থকা বুলিও শৰ্মাই লগতে কয়।উল্লেখ্য ৰাজ্যৰ লাখ-লাখ নিবনুৱাই অসম চৰকাৰৰ ১ লাখ চাকৰিত সংস্থাপনৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে।
তাৰ মাজতে মুখ্যমন্ত্ৰী শৰ্মাই ৮৫ হাজাৰ বিজ্ঞাপন প্ৰকাশ পোৱা বুলি কোৱা পাছতেই একাংশ চাকৰি প্ৰত্যাশি নিবনুৱা আচম্বিতও হৈছে।বহুতে সামাজিক মাধ্যমত প্ৰশ্ন তুলিছে ৮৫ হাজাৰ চাকৰিৰ বিজ্ঞাপন চকু প্ৰচাৰতে ওলাই গল গমেই নাপালো।
আনহাতে নিযুক্তি আৱেদনত মাচুল লোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়- মাচুলত অসন্তুষ্ট হব লগা কথা নাই।মাচুল নললে পৰীক্ষাত নিয়ন্ত্ৰণ নাথাকিব।নিযুক্তি সন্দৰ্ভত ভৱিষ্যতে গোচৰ হলে তাৰ প্ৰমাণ ৰখা বাবেহে মাচুল লোৱা হৈছে।অৰ্থাৎ পৰীক্ষাত অৱৰ্তীন প্ৰমাণৰ বাবেহে আৱেদন মাচুল।তাপৰ্যপূৰ্ণ কথা শনিবাৰে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ ২৬ হাজাৰ তৃতীয়-চতুৰ্থবৰ্গ পদৰ নিযুক্তি বিজ্ঞাপন প্ৰকাশ পাইছিল।
আৱেদনৰ মাচুল নূন্যতম ১৫০ৰ পৰা সৰ্বাধিক ৩৫০টকা নিৰ্ধাৰণ কৰিছে।আৱেদনৰ মাচুল প্ৰত্যাহাৰৰ বাবে ৰাজ্যজুৰি দল-সংগঠনৰ লগতে নিবনুৱাই দাবী জনাইছিল।সেই সন্দৰ্ভত দেওবাৰে গুৱাহাটী শংকৰদেৱৰ কলাক্ষেত্ৰত এক অনুষ্ঠানত সাংবাদিকে সোধা প্ৰশ্ন উত্তৰত শৰ্মাই এইদৰে কয়।












