![]()
গুৱাহাটী মহানগৰীত অপৰাধজনীত ঘটনাৰ বৃদ্ধিপোৱা সময়তে আৰক্ষী জালত পৰিছে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা এটা প্ৰৱঞ্চক।পানবজাৰ আৰক্ষীৰ জালত পৰা অভিযুক্ত প্ৰৱঞ্চকটোৰ নাম ৰাজেশ কুমাৰ।বিগতে ৭ বছৰে গুৱাহাটী মহানগৰীত বসবাস কৰি আছে ধৃত প্ৰৱঞ্চকটোৱে।
উল্লেখ্য যে গুৱাহাটী আৰক্ষী অপৰাধ শাখাই লালমাটি পৰা গ্ৰেপ্তাৰ কৰা ধৃত প্ৰৱঞ্চকটো বিৰুদ্ধে পানবজাৰ থানাত ১০৫/২২ নম্বৰত গোচৰ ৰুজু হৈছে।অভিযোগ মতে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ জালিয়াতিৰে প্ৰদান কৰি আহিছিল কুমাৰে।বৃহৎ ধনৰ বিনিময়ত অনুজ্ঞাপত্ৰ যোগান ধৰিছিল।দীৰ্ঘদিনে আৰক্ষীয়ে প্ৰৱঞ্চকটোক বিচাৰি আছিল।













