ছাইদুল ইছলাম
ডিফু : কাৰবি আংলং স্বায়ত্তশাস্ত পৰিষদৰ দিন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগে প্ৰশাসনৰ তৰফৰ পৰাও নিৰ্বাচনৰ সকলবোৰ প্ৰস্তুতি চলোৱা হৈছে ৷ কাৰবি আংলং জিলা উপায়ুক্ত দিবাকৰ নাথে আজি দুপৰীয়া উপায়ুক্ত কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি ডিফু নিৰ্বাচনী জিলাৰ অন্তৰ্দত হাওৰাঘাট আৰু ডিফু বিধানসভা সমষ্টিৰ অন্তৰ্গত দহটাকৈ পৰিষদীয় সমষ্টিৰ সংশোধিত ভোটাৰ তালিকা প্ৰকাশ কৰে ৷
সেই অনুসৰি ১০নং হাওৰাঘাট পৰিষদীয় সমষ্টিত ৩৭টা ভোট কেন্দ্ৰত বাদ পৰি যোৱা ভোটাৰৰ সংখ্যা ৭৬৩, ১১নং লাংফেৰ সমষ্টিত ৪৮টা ভোট কেন্দ্ৰত ৬৯২, ১২নং ফুলনি সমষ্টিৰ ২৮টা ভোট কেন্দ্ৰত ১৬৪, ১৩নং লাংহিন সমষ্টিৰ ৩২ ভোট কেন্দ্ৰত ৯১, ১৪নং কৰকাণ্ঠি সমষ্টিত ৩৬টা ভোট কেন্দ্ৰত ২৮৭, ১৫ নং মহামায়া সমষ্টিত ৩০টা ভোট কেন্দ্ৰৰ ২৬৩, ১৬নং নমাটি সমষ্টিৰ ২৫টা ভোট কেন্দ্ৰৰ ১৯৪, ১৮নং লুম্বাজং সমষ্টিৰ ৮৫ ভোট কেন্দ্ৰৰ ১৩৮২, ২৯নং ধনশিৰি সমষ্টিৰ ৫৪টা ভোট কেন্দ্ৰৰ ৮৯৬ আৰু ২০নং সিংহাসন পৰিষদীয় সমষ্টিৰ ২৯টা ভোট কেন্দ্ৰৰ ৫০ ভোটাৰকে ধৰি মুঠ বাদ পৰা ভোটাৰৰ সংখ্যা ৪৭৮২ গৰাকী৷
আনহাতে হাওৰাঘাট বিধানসভা সমষ্টিৰ ১৩৬০২২ গৰাকী আৰু ডিফু বিধানসভা সমষ্টিৰ ২০৬০৯৩ গৰাকী ভোটাৰকে ধৰি এলেকাটোত মুঠ ভোটাৰৰ সংখ্যা ৩৪২১১৫ গৰাকী ৷ এইসকল লোকে ১১ মাৰ্চৰ ভিতৰত নিজৰ ওজৰ-আপত্তি দৰ্শাব পাৰিব ৷ হাওৰাঘাট সমষ্টিৰ হাওৰাঘাট খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়, লাংফেৰ সমষ্টিৰ লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তাৰ কাৰ্যালয়, কৰকাণ্ঠি আৰু মহামায়া সমষ্টিৰ বাবে চামেলাংচ’ খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়, ন-মাটি-হাওৰাঘাট পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়, আৰু লুম্বাজং খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয় , গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালকৰ কাৰ্যালয়, ধনশিৰি ৰঙা পাহাৰস্থিত ইষ্টাৰ্ণ ৰেঞ্জৰ ৰেঞ্জ বিষয়াৰ কাৰ্যালয় আৰু সিংহাসন সমষ্টিৰ বাবে লুম্বাজং খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ত নিজ নিজ ওজৰ-আপত্তিসমূহ দাখিল কৰিব পাৰিব ৷ অহা ২৫ মাৰ্চত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব বুলি উপায়ুক্তগৰাকীয়ে সংবাদমেলত জানিবলৈ দিছে ৷