![]()
গুৱাহাটী জু-ৰোড উৰণীয়া হেতু নিৰ্মানৰ শুভাৰম্ভনি অনুষ্ঠানলৈ অনা খাদ্যত অথন্তৰ।দুৰ্গন্ধময় খাদ্যৰ যোগান ধৰা অভিযোগ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰা অনুষ্ঠানটোত।কাৰ্যসূচীত উপস্থিত থকা অতিথিসকলক অংগত সিং নামৰ এগৰাকী ব্যক্তিয়ে যোগান ধৰিছিল খাদ্য।খাদ্য গ্ৰহণ কৰাৰ পাছতে অস্বস্তিত পৰে অতিথিসকল।যোগান ধৰা খাদ্য সামগ্ৰীত দুর্গন্ধ ওলোৱাত ক্ষোভিত হৈ পৰে অনুষ্ঠানৰ অতিথি।
ইফালে খাদ্য সামগ্ৰীসমূহ নিশা মুখ্যমন্ত্ৰী জন্মদিনৰ অনুষ্ঠানত ৰৈ যোৱা বুলিও অভিযোগ তুলিলে তাত উপস্থিত থকা একাংশই।আনহাতে পুৰণি আৰু অ- স্বাস্থ্যসন্মত খাদ্য যোগান ধৰাত ধৃত অংগত সিঙক সাংবাদিকে প্ৰশ্ন কৰাত- বেয়া খাদ্য বাবে তেওঁ ক্ষমা বিচাৰে।গৰমৰ দোহাই দি খাদ্য বেয়া হোৱা বুলি দায় সৰা মন্তৱ্য প্রকাশ কৰে।
ইফালে অনুষ্ঠানৰ অতিথিসকল ক্ষোভিত হৈ পৰাত উক্ত স্থানৰ পৰা পলায়ন কৰে ধৃত খাদ্য যোগাকাৰী গৰাকী।গুৰুত্বপূৰ্ণ মঙলবাৰে মুখ্যমন্ত্ৰী জন্ম দিনৰ উপলক্ষে জু-ৰোডত মহানগৰবাসী সুবিধা হোৱাকৈ প্ৰস্তাৱিত উৰণীয়া হেতু নিৰ্মানৰ শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হৈছিল।উক্ত অনুষ্ঠানতে সংঘটিত হৈছে এই ঘটনা।













