নিউজ ডেস্কঃ
নিলম্বিত ডি আই জি ৰৌনক আলি হাজৰিকা বিৰুদ্ধে গোচৰ চলোৱাত ৰাষ্ট্ৰপতি অনুমোদন।মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কোষক অনুমতি ৰাষ্ট্ৰপতি।
উল্লেখ্য যে ভাৰতীয় আৰক্ষীৰ সেৱা বিষয়া হোৱা বাবে গোচৰ চলোৱাত ৰাষ্ট্ৰপতি অনুমোদন প্ৰয়োজন হয়।হাজৰিকা বিৰুদ্ধে ৬/২০২১ নম্বৰত গোচৰ ৰুজু হৈ আছে।
ইতিমধ্যে হাজৰিকা বিৰুদ্ধে তদন্ত প্ৰথমখন অভিযোগনামা দাখিল কৰা হৈছে আদালতত।আনহাতে ৰাষ্ট্ৰপতি অনুমোদনৰ প্ৰতিবেদন বিশেষ ন্যায়াধীশ আদালতত দাখিল কৰিছে তদাৰকী কোষে।
ৰাষ্ট্ৰপতিয়ে নিলম্বিত ডি আই জি হাজৰিকা বিৰুদ্ধে দুটাকৈ গোচৰ চলোৱাত অনুমোদন দিছে।
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী থকা হাজৰিকা জামিন আৱেদন নিম্ন আদালতে নাকচ কৰা পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ত তিনিদিন পূৰ্বে সম্পূৰ্ন হৈছে।জামিন ৰায়দান স্থগিত ৰাখিছে ন্যায়ালয়ে।
তাপৰ্যপূৰ্ণ আয়বৰ্হিভূত সম্পত্তি আহৰণ, গৃহবিভাগৰ অনুমতি অবিহনে বিদেশ ভ্ৰমণ কৰাৰ গুৰুত্ব অভিযোগত দীৰ্ঘদিনে কাৰাগাৰত বন্দী হৈ আছে হাজৰিকা।