নিউজ ডেস্কঃ
কাজ কৰাৰ নির্ধাৰিত সময় শেষ হৈছে। সেয়ে মাজপথতে জৰুৰী অৱতৰণৰ পিছত বিমান চলাবলৈ অস্বীকাৰ কৰিলে বিমানচালকে। তাকে শুনি খঙত অগ্নিশৰ্মা হয় যাত্রীসকলো। নেটমাধ্যমত এই ঘটনাই ইতিমধ্যে হাঁহিৰ খোৰাক দিছে।
সংবাদ মাধ্যমৰ সূত্র অনুযায়ী, দেওবাৰে পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইন্স (পিআইএ)ৰ ‘পিকে-৯৭৫৪’ নামৰ এখন বিমান ৰিয়াধৰ পৰা উৰা মাৰিছিল। ইছলামাবাদত অৱতৰণৰ কথা আছিল বিমানখনৰ। কিন্তু বতৰ বেয়া হোৱাত বিমানচালকে বিমানখন চৌডি আৰবৰ দাম্মামত অৱতৰণ কৰাবলৈ বাধ্য হয়।
কিন্তু পৰিস্থিতি ঠিক হোৱাত বিমানচালকজনে পুনৰ বিমানখন চলাবলৈ অস্বীকাৰ কৰে। তেওঁ দাবী কৰে যে তেওঁৰ দৈনিক কাম কৰাৰ সময়সীমা শেষ হৈ গৈছে। আনহাতে, বিমানখনৰ যাত্রীসকলেও বিমানৰ পৰা নামিবলৈ অস্বীকাৰ কৰে আৰু তেওঁলোকৰ যাত্রাপথত বিলম্ব হোৱাৰ কাৰণে প্রতিবাদ আৰম্ভ কৰে। পৰিস্থিতি ক্রমে নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যোৱাত তাক নিয়ন্ত্রণলৈ আনিবলৈ বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীসকলক মাতিবলগা হয়।
অৱশেষত কর্তৃপক্ষই আবদ্ধ হৈ পৰা যাত্রীসকলক এখন হোটেলত থকাৰ ব্যৱস্থা কৰি দিয়ে। এই প্রসঙ্গত পিআইএৰ এজন মুখপাত্রই কয়, ‘‘এজন বিমানচালকৰ বিশ্রামৰ প্রয়োজন। কাৰণ এইটো বিমানৰ নিৰাপত্তাৰ বাবে প্রয়োজনীয়।’’