ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলঙৰ বকলীয়াঘাট চিংথুৰ প্ৰকাশনে বৃহস্পতিবাৰে বকলিয়াঘাটৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মাজুলী আউনী আঁটি সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱগোস্বামীক “ৰংবং তেৰাং সমন্বয় বঁটা” প্ৰদান কৰে ৷
ৰংবং তেৰাঙৰ ৮৬ সংখ্যক জন্ম দিৱসৰ উক্ত অনুষ্ঠানত উপস্থিত থাকি “ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাঙ পাহাৰীয়া পাহাৰীয়া সমাজ জীৱনৰ এগৰাকী পুৰোধা পুৰুষ, আৰু সাহিত্য আকাশৰ ভোঁটা তৰা আখ্যা দিয়ে লগতে সমন্বয় সংহতি থাকিলেহে সমাজ থাকিব৷” বুলি আজি কাৰবি আংলং জিলাৰ বকলিয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনৰ প্ৰেক্ষাগৃহত চিংথুৰ প্ৰকাশনে আয়োজন কৰা ২০২২ চনৰ “ৰংবং তেৰাঙ সমন্বয় বঁটা” প্ৰদান অনুষ্ঠানত বঁটা গ্ৰহণ কৰি এই মন্তব্য কৰে বিশিষ্ট সত্ৰাধিকাৰ পিতাম্বৰ দেৱগোস্বামীয়ে ৷ পদ্মশ্ৰী ৰংবং তেৰাঙৰ নিজ হাতেৰে বঁটা গ্ৰহণ কৰি সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত মাজুলী আউনী আঁটি সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে ইয়াকো কয় যে, সত্ৰসমূহো সমন্বয়ৰ অনুষ্ঠান ৷ সত্ৰত প্ৰৱেশ কৰাৰ লগে লগে নিজস্ব পৰিচয় পাহৰি ভকত-বৈষ্ণৱৰ পৰিচয়ৰ সৈতে জড়িত হৈ পৰিব লাগে ৷ সত্ৰসমূহৰ লক্ষ্য উদ্যেশ্য হৈছে জন কল্যাণৰ অৰ্থে নিৰলসভাৱে কাম কৰি যোৱা ৷ ৰাইজৰ সেৱা কৰি যোৱাই সত্ৰৰ ধৰ্ম বুলি মন্তব্য কৰে সত্ৰাধিকাৰ পিতাম্বৰ দেৱগোস্বামীয়ে ৷
আনহাতে পদ্মশ্ৰী তথা ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা ৰংবং তেৰাঙে সাংবাদিকৰ আগত কয় যে, আউনী আঁটি সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱগোস্বামী “ৰংবং তেৰাঙ সমন্বয় বঁটা” গ্ৰহণ কৰিবলৈ পাহাৰীয়া জিলাখনলৈ অহাটোৱেই অসম আৰু পাহাৰীয়া জিলাখনৰ বাবে এক বৃহৎ সমন্বয় বাৰ্তা ৷ তেওঁৰ জন্ম দিনত বকলীয়াঘাট চিংথুৰ প্ৰকাশনে ২০১৭ চনৰ পৰাই প্ৰদান কৰি অহা “ৰংবং তেৰাং সমন্বয় বঁটা” তেওঁৰ বাবে এক ডাঙৰ সন্মান, সেয়ে তেওঁ চিংথুৰ প্ৰকাশনক কৃতজ্ঞতা প্ৰকাশ কৰে ৷
বঁটা প্ৰদান অনুষ্ঠানত কাৰবি আংলং জিলাৰ কেইবাগৰাকী বিশিষ্ট সাহিত্যিক সাংবাদিক বিশিষ্ট সাহিত্যিক সাংবাদিকসকলে মূল্যৱান ভাষণ প্ৰদান কৰে ৷ সত্ৰাধিকাৰ পিতাম্বৰ দেৱ গোস্বামীক বঁটাৰ সৈতে কিতাপৰ টোপোলা, কাৰবি চয়হংথৰ (জেকেট), পহ’ (গামোছো), জাম্বুৰং (মোনা) জাম্বলি আথন, কাৰবি শ্বল, স্মাৰক আৰু কিছু মাননি আদিৰে সম্বৰ্ধনা জনোৱাৰ লগতে জিলাখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে উষ্ম সম্বৰ্ধনা জনায় ৷ প্ৰৱক্তা ভৱেন কোঁচে আঁতধৰা সভাৰ আৰম্ভনিতে “চিৰ চেনেহী মোৰ ভাষা জননী ” গীতেৰে আৰম্ভ হোৱা অনষ্ঠানটিত উপস্থিত থাকে একাধিক্ৰমে, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, MAC ৰামছিং তিমুং, অসম সাহিত্য সভাৰ সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, পদ্মশ্ৰী সূৰ্য্য হাজৰিকা, চিংথুৰ প্ৰকাশনৰ সম্পাদক বিশ্বজ্যোতি হাজৰিকা, জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷
উল্লেখযোগ্য যে পদ্মশ্ৰী ৰংবং তেৰাঙৰ” ১৩ জানুৱাৰী”ৰ দিনটোত তেওঁৰ জন্মদিনৰ লগত সংগতি ৰাখি চিংথুৰ প্ৰকাশনে ২০১৭ চনৰ পৰা এই বঁটা প্ৰদান কৰি আহিছে ৷ ইয়াৰোপৰি আজিৰ অনুষ্ঠানত ন-পুৰণি লিখকৰ ১৯খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়।