ASSAM TIMES POST
ডিব্ৰুগড়ঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিবাচন পুনৰ বাতিল কৰা হ’ল। ইয়াকে লৈ পুনৰ এক উতপ্ত পৰিস্থিতি।বিশ্ববিদ্যালয়ৰ জেষ্ঠ প্ৰাধ্যাপক বিশ্ববিদ্যালয়খনৰ ভেষজ বিজ্ঞান বিভাগৰ মুৰব্বী প্ৰাধ্যাপক ভাস্কৰ মজুমদাৰক শাৰীৰিক ভাবে অপদস্ত একাংশ উদণ্ড ছাত্ৰৰ।
ABVPৰ একাংশ সমৰ্থক তথা ছাত্র-ছাত্ৰীয়ে বিশ্ববিদ্যালয়ৰ নিৰ্বাচন আয়োগে এজন ছাত্ৰৰ মনোনয়ন বাতিল কৰাৰ পাছতেই বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱন ঘেৰাও কৰিছিল উক্ত ছাত্র-ছাত্ৰী সকলে।
লগতে ভেষজ বিজ্ঞান বিভাগত গৈ একাংশ উদণ্ড ছাত্ৰই ৰিটাৰনিং বিষয়া এছ কে ঘোষৰ বিৰুদ্ধে বিভিন্ন শ্লগান দিয়াত মুৰব্বী প্ৰাধ্যাপক ভাস্কৰ মজুমদাৰ উলাই অহা অৱস্থাত জেষ্ঠ প্ৰাধ্যাপক গৰাকীক শাৰীৰিক ভাবে অপদস্ত কৰাৰ লগতে অভব্য আচৰণ আৰু অশ্লীল গালি-গালাজ পাৰে। ইয়াকে লৈ পুনৰ উতপ্ত পৰিস্থিতি সৃষ্টি হৈছে।
ইতিমধ্যে ভেষজ বিজ্ঞান বিভাগৰ ছাত্র-ছাত্ৰী সকলে বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিভাগত উক্ত ঘটনাৰ সন্দৰ্ভত অভিযোগ দাখিল কৰিছে।












