ASSAM TIMES POST
গুৱাহাটীঃ ঘোচ লোৱাৰ অভিযোগত মহানগৰ আৰক্ষীয়ে বৃহস্পতিবাৰে মাজনিশা দিছপুৰ থানাৰপৰা থানাখনৰ উপ-পৰিদৰ্শক গহীন পেগুক গ্ৰেপ্তাৰ কৰে।
প্ৰাপ্ত তথ্য অনুসৰি এছআইজনে নিজৰ কাৰ্যালয় কক্ষত এজন বেংক বিষয়াৰ পৰা ধন লৈয়েই গ্ৰেপ্তাৰ হ’বলগীয়া হয়। বেংক বিষয়াজনৰ এটা গোচৰৰ নিষ্পত্তিৰ বাবে পেগুৱে ৫০ হাজাৰ টকা দাবী জনাইছিল।
ইয়াতে বেংক বিষয়াজন ক্ষুন্ন হৈ সমগ্ৰ কথা দুৰ্নীতি নিবাৰক শাখাক অৱগত কৰে। ইয়াৰ পাছত দুৰ্নীতি নিবাৰকৰ পৰিকল্পনামতে, বেংক বিষয়াজনে পেগুক উক্ত ধনৰাশি থানাতে প্ৰদান কৰাৰ লগে লগেই মহানগৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।












