ASSAM TIMES POST
গুৱাহাটীঃ সদ্য প্ৰকাশিত অসমৰ উন্নীত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত প্ৰকৃত হিন্দু বাঙালী অনুসূচিত জাতিৰ মানুহৰ নাম বাদ পৰাৰ অভিযোগৰে বৃস্পতিবাৰে নতুন দিল্লীৰ যন্তৰ-মন্তৰত সদৌ বিটিচি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াত ভাষণ প্ৰদান কৰে সদৌ বিটিচি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা সপন দাস আৰু সভাপতি প্ৰদীপ সৰকাৰে। তদুপৰি এই সম্পৰ্কত ভাৰতৰ ৰাষ্ট্ৰপতিক তিনি দফীয়া স্মাৰক পত্ৰ প্ৰদান কৰা হয়।












