নিউজ ডেস্কঃ
ছেঞ্চুৰিয়ানৰ ছুপাৰ স্পর্ট পার্কত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে প্রথম টেষ্টত ১১৩ ৰানত জয়লাভ কোহলি বাহিনীৰ। ফলত তিনি মেচৰ টেষ্ট শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি ল’লে টিম ইণ্ডিয়াই। মধ্যাহ্নভোজনৰ পিছতেই জয়ৰ লক্ষ্যত উপনীত হয় ভাৰত। চতুর্থ দিনৰ শেষত ৪ উইকেটৰ বিনিময়ত দক্ষিণ আফ্রিকাৰ ৰান আছিল ৯৪। জয়ৰ বাবে প্ৰয়োজন আছিল ২১১ ৰান। হাতত আছিল মাত্র ৬ উইকেট। তাৰ মাজতে পেভিলিয়নলৈ উভতি যায় প্রথম শাৰীৰ তিনিজন বেটছমেন। ভাৰতৰ জয় মাত্র সময়ৰ অপেক্ষা আছিল।
পঞ্চম দিনৰ আৰম্ভণিতে বুমৰাহ আৰু ছামিৰ আক্ৰমণত উইকেট পৰিবলৈ আৰম্ভ কৰে। পিছত ১৯১ ৰানত অলআউট হয় দক্ষিণ আফ্রিকা। তিনিটাকৈ উইকেট লাভ কৰে বুমৰাহ আৰু ছামিয়ে। দুটাকৈ উইকেট লাভ কৰে চিৰাজ আৰু অশ্বিনে।