ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ গোলাঘাটৰ চুপাৰি ব্যৱসায়ী আব্দুল হান্নানৰ বাসগৃহত ভাৰতীয় ৰাজহ বিভাগৰ এটা বিশেষ দল উপস্থিত হয়৷
ৰাজহ ফাঁকি দিয়াৰ অভিযোগত নাগপুৰৰ ৰেভিনিউ ইনটেলিজেণ্ট ডিপাৰ্টমেণ্টৰ দলটোৱে আব্দুল হান্নানৰ বাসগৃহত তালাচী চলাই পৰীক্ষা কৰে নথিপত্ৰ৷
এনে সময়তে এজন কৰ্মচাৰীক অভিযানকাৰী দলে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হয় আৰু যাকল লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত। অভিযানকাৰী দলটোক আৰক্ষীয়ে নিৰাপত্তা দি উক্ত স্থানৰ পৰা ওলিয়াই আনিবলৈ সক্ষম হয়৷
বৰ্তমান আব্দুল হান্নানৰ বাসগৃহৰ পৰা কিছু নথিপত্র লৈ যায় যদিও সেইসময়ত ঘৰত আব্দুল হান্নান ওৰফে বাব্লু উপস্থিত নাছিল৷












