ASSAM TIMES POST
নগাঁওঃ গৰু চুৰিৰ এক ঘটনাক কেন্দ্ৰ কৰি আজি পুৱা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী ডাকৰঘাট অঞ্চলত। ৰাইজে এটা গৰু চোৰক ধৰি উত্তম-মধ্যম শোধোৱাৰ লগতে চোৰটোক উদ্ধাৰৰ বাবে যোৱা আৰক্ষীৰ দলকো দীৰ্ঘ সময় ধৰি উত্তেজিত ৰাইজে বাট ভেটি ধৰে।
জানিব পৰা মতে, আজি পুৱতি নিশা ডাকঘাটৰ পদুম বৰা নামৰ লোকজনৰ ঘৰৰ পৰা তিনিটা চোৰে দুটা গৰু চুৰি কৰি নিয়ে। পাছত সমীপৰ হাতীপৰাত গৰু সহ চোৰ কেইটাক ৰাইজে কৰায়ত্ত কৰে যদিও তাৰে দুটা চোৰ পলাই যাবলৈ সক্ষম হয়। আনহাতে ৰাইজে কৰায়ত্ত কৰা ইজাজুল হুছেইন নামৰ চোৰটোক পাচত ডাকঘাটৰ গৰু চুৰি হোৱা গৃহস্থৰ ঘৰত আবদ্ধ কৰি ৰাখে।

ইপিনে পলাই যোৱা চোৰ দুটাই বেবেজীয়া পহৰা চকীৰ আৰক্ষীক লগত লৈ ৰাইজে আবদ্ধ কৰি ৰখা চোৰটোক মোকোলাই নিবলৈ উক্ত স্থানত আহি উপস্থিত হয়হি। আৰক্ষীৰ লগত চোৰ দুটাক দেখি ৰাইজ উত্তেজিত হৈ পৰে আৰু আৰক্ষীৰ সন্মুখতে চোৰ কেইটাক উত্তম মাধ্যম শোধায়। ইপিনে পৰিস্থিতি অধিক উতপ্ত হোৱাত ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীক মোতায়ন কৰা হয়।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ডাকৰঘাট অঞ্চলত গৰু চোৰে সন্ত্ৰাস সৃষ্টি কৰি আহিছে যদিও এই ক্ষেত্ৰত আৰক্ষীয়ে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে। যাৰ ফলত আজি পুৱা ঘটনাস্হলীত উপস্থিত পুৰুষ, মহিলা সকলোৱে আৰক্ষীৰ ওপৰত খৰ্গহস্ত হৈ পৰে।
আনহাতে গৰু চোৰ কেইটাক ৰক্ষণাবেক্ষণ দিয়া বুলি অভিযোগ কৰি ৰাইজে আৰক্ষীকো দীৰ্ঘ সময় বাট ভেটি আবদ্ধ কৰি ৰাখে। অৱশেষত ঘটনা স্থলীত উচ্চ পদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ চোৰ দুটাৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰাত হে আৰক্ষীৰ বাহনক ৰাইজে বাট এৰি দিয়ে। ধৃত গৰু চোৰ কেইটা শিয়ালমাৰী অঞ্চলৰ কাবুল হুছেইন,মজিবুৰ হুছেইন আৰু ইজাজুল হুছেইন বুলি জানিব পৰা গৈছে।











