ASSAM TIMES POST
গুৱাহাটীঃ অভিযানলৈ যোৱা অৱস্থাত গোলাঘাটৰ মৰঙীত দুৰ্ঘটনাত পতিত হৈ আবকাৰী বিষয়া-কৰ্মচাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
বৃহস্পতিবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত মুখ্যমন্ত্ৰীজনে লগতে কি পৰিস্থিতিত এনে ঘটনা ঘটিল, তাৰ তদন্তও ঘোষণা কৰে। সেই অনুসৰি, উজনি অসমৰ আয়ুক্ত জুৰি সোণোৱালক ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়ে তেওঁ। ইফালে এই ঘটনাৰ পাছতে সচেষ্ট হৈ পৰিছে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য।

এক বিবৃতিত শুক্লবৈদ্যই জনোৱা অনুসৰি, নিহতসকলৰ আত্মীয়ৰ কাষত এই দুখৰ মুহূৰ্তত থিয় দিবলৈ বিভাগটোৰ বিভিন্ন বিষয়া-কৰ্মচাৰীক আহ্বান জনাইছে তেওঁ। তেওঁ লগতে কয় যে এই শোকাৱহ দুৰ্ঘটনাত আহতসকলৰ চিকিৎসাৰ খৰচ চৰকাৰে বহন কৰিব।
আহতসকলক উন্নত চিকিৎসা প্রদান কৰাৰ যাৱতীয় ব্যৱস্থা সন্দৰ্ভত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষকৰে আলোচনা কৰে। সমান্তৰালভাৱে এই বিষয়টো তদাৰক কৰিবলৈ কামৰূপৰ আবকাৰী অধীক্ষক দেৱজিত নাথক নিৰ্দেশ দিয়া হৈছে।
ইফালে, অসমৰ অতিৰিক্ত আবকাৰী আয়ুক্ত সঞ্জীৱ মেধিৰ নেতৃত্বত এটা দলে ডিফুলৈ গৈ নিহত আবকাৰী বিষয়া চুমু মাইবংছাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাগ ল’ব বুলি তেওঁ জনাইছে।











