ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ দুৰ্গাপূজাৰ প্ৰাকক্ষণত গোলাঘাট বৃহস্পতিবাৰে বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গোলাঘাটৰ ২ নং বৰফুকনখাট তিৰোৱালত উদ্ধাৰ হয় গ্ৰেনেড, দুই জাঁই গুলি আৰু সামৰিক পোছাক।
তিৰুৱালৰ পাপু আলি নামৰ লোকজনৰ ঘৰত উদ্ধাৰ হয় উক্ত বিস্ফোৰক সামগ্ৰীসমূহ। বিস্ফোৰক সামগ্ৰী সমূহৰ ভিতৰত আছে এটা গ্ৰেনেড, দুজাঁই ৯এমএম পিষ্টলৰ সক্ৰিয় গুলী, ৬ যোৰ সামৰিক পোছাক আৰু ৬ টা মেগজিন ৰখা জেকেট।
আৰক্ষীৰ সূত্ৰ পৰা জানিব পৰা মতে পাপু আলিৰ ঘৰৰ পিছফালে থকা এটা খেৰীঘৰত খেৰৰ তলত পুতি ৰাখিছিল এই বিস্ফোৰক সামগ্ৰী সমূহ। বৰ্তমান অভিযুক্ত পাপু আলিৰ লগতে দেউতাক আজিজুৰ ৰহমানো ইতিমধ্যে পলাতক অৱস্থাত আছে।












