ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনা৷ বুধবাৰে পুৱতি নিশা গোলাঘাট জিলাৰ মৰঙীৰ সাৰৰ গাঁৱৰ ৩৯ নং ৰাষ্টীয় ঘাইপথত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷

নিশা গুৱাহাটী অভিমুখে আহি থকা টাটা চুম’ৰ বিপৰীত দিশৰ পৰা অহা এখন ডাম্পাৰৰ লগত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত উক্ত ভয়ানক ঘটনাটো সংঘটিত হয়৷ চুম’খনত গুৱাহাটীৰ আবকাৰী এটা ছজনীয়া চোৱাংচোৰাৰ দল আছিল৷ ডাম্পাৰ খনে আবাকাৰী দলটোৰ চুম’খনত প্ৰচণ্ড যোৰে খুন্দা মৰাৰ ফলত চুম’খন দাউ দাউকৈ জ্বলি উঠাত চুম’খনৰ ভিতৰতে দুজন আবকাৰী লোক অগ্নিদগ্ধ হৈ থিতাতে মৃত্যু হয়৷ উক্ত থিতাতে মৃত্যু হোৱা লোক দুজন ক্ৰমে আবকাৰী পৰিদৰ্শক চামু মাইবংচা আৰু কনিষ্টবল ৰমেন বনজাং৷
ইয়াৰে গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত দুজনক গুৱাহাটীৰ মেডিকেল কলেজলৈ নিয়া হয়৷আবকাৰী দলটোৰ আন এজন যোকহাট মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় যদিও মৃত্যুক আকোৱালী লয়৷ উল্লেখযোগ্য যে আবকাৰী দলটো দেওবাৰে অৰুণাচলী সুৰাৰ বিৰুদ্ধে এক বিশেষ অভিযানৰ বাবে গোলাঘাট, যোৰহাট আৰু কাৰ্বি আলঙলৈ ৰাওনা হৈছিল৷ কালি দলটোৱে যোৰহাটৰ অভিযান সামৰি গুৱাহাটীৰ অভিমুখে আহি থকা অৱস্থাত ঘটনাটো সংঘটিত হয়৷












