ASSAM TIMES POST
গুৱাহাটীঃ চিৰাঙৰ পানবাৰী থানাৰ অন্তৰ্গত পানবাৰী সংৰক্ষিত বনাঞ্চলত আৰক্ষী, ভাৰতীয় সেনা আৰু এছএছবিৰ যুটীয়া অভিযানত মঙলবাৰে পুৱা এটা বৃহৎ অস্ত্ৰভাণ্ডাৰ উদ্ধাৰক লৈ সম্প্ৰতি জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
উক্ত অস্ত্ৰভাণ্ডাৰত পোৱা যায় ২০ টা ৰাইফল, ৪ টা পিষ্টল, ১৭ কিগ্ৰাম বিস্ফোৰক সামগ্ৰীকে প্ৰমুখ্য কৰি মুঠ ২০ বিধ অস্ত্ৰ-শস্ত্ৰ আৰু সা-সঁজুলি।
চিৰাঙ আৰক্ষীৰ উদ্ধৃতিৰে অসম আৰক্ষীৰ জনসম্পৰ্কৰক্ষী বিভাগে জনোৱা অনুসৰি, বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত সোমবাৰে সন্ধিয়া ৫ বজাৰপৰা উল্লেখিত অঞ্চলত অভিযান আৰম্ভ কৰিছিল চিৰাং আৰক্ষী, ভাৰতীয় সেনাৰ ৫ম গড়ৱাল ৰাইফলছ আৰু এছএছবিৰ ৫৪ নং বেটেলিয়নে।
অভিযানকালত কেইবাটাও স্থানৰ মাটি খান্দোটেই এটা স্থানত ৮ টা পেকেট উদ্ধাৰ কৰা হয় আৰু ইয়াতে উল্লেখিত সামগ্ৰীসমূহ লাভ কৰা যায়।












