ASSAM TIMES POST
গুৱাহাটীঃ সোমবাৰে পুৱা ডিমৌৰ থাওৰাদলত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাৰ তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পৰিবহণ আয়ুক্ত বীৰেন্দ্ৰ মিট্টালক উক্ত তদন্তৰ দায়িত্ব প্ৰদান কৰা হয়। এই ঘটনাত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰীজনে প্ৰাণহানি হোৱা যাত্ৰীসকলৰ আত্মাৰ সদগতি কামনা কৰে। তেওঁ লগতে আহত যাত্ৰীসকলৰ বাবে তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থা কৰি সকলোধৰণৰ সহযোগিতা আগবঢ়াবলৈ স্বাস্থ্য বিভাগৰ লগতে শিৱসাগৰ আৰু ডিব্ৰুগড়ৰ উপায়ুক্তক নিৰ্দেশ দিয়ে।












