ASSAM TIMES POST
বিভাস দুৱৰা, ডিব্ৰুগড়ঃ ডিব্ৰুগড়ৰ পেণ্টালুনৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ১৫ জনক আটক কৰিছিল যদিও ইয়াৰে ছয়জনক গ্ৰেপ্তাৰ কৰি ৰঙা ঘৰলৈ প্ৰেৰন কৰিছে। আৰক্ষীয়ে চাঞ্চল্যকৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ৰংঘৰ প্লাজা নামৰ শ্বপিং মলটোত পেন্টালুনৰ শুভ উদ্বোধনৰ পিছদিনাই পেণ্টালুনত কৰমৰ্ত লাটু দিহিঙীয়া (২৫) নামৰ কৰ্মচাৰী জনৰ মৃতদেহ উদ্ধাৰ হৈছিল নিৰ্মীয়মান ফ্লেটটোৰ লিফটৰ তলত। ইয়াৰ পাছতে সৃষ্টি হৈছিল এক উতপ্ত পৰিস্থিতিৰ।
শুক্ৰবাৰে কৰ্তব্যলৈ অহা কৰ্মচাৰী জনৰ নিৰুদেশ সন্দৰ্ভত কৰ্তৃপক্ষক পৰিয়ালৰ লোকে অবগত কৰাৰ পাছতো কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল। অৱশেষত আৰক্ষীকো এজাহাৰ দিছিল পৰিয়ালৰ লোকে।কিন্তু কালি উদ্ধাৰ হয় যুৱক জনৰ মৃতদেহ। যুৱকজনৰ মুৰত আৰু দেহৰ অন্যান্য অংশত আঘাতৰ চিহ্ন স্পষ্ট হোৱাত এয়া হত্যাকাণ্ড বুলি ৰাইজে দাবী কৰিছে।
অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে স্পষ্ট হ’ব, এইয়া দুৰ্ঘটনা নে হত্যাকাণ্ড। এই পৰ্যন্ত হত্যা নে দুৰ্ঘটনা স্পষ্ট হোৱা নাই যদিও আৰক্ষীয়ে কালি আটক কৰা ১৫ জনৰে ৬ জনক গ্ৰেপ্তাৰ কৰাৰ লগতে আন কেইজনক সোধপোছ কৰি মুকলি কৰি দিয়ে।
আৰক্ষীয়ে ডিব্ৰুগড়ৰ সদৰ আৰক্ষী থানাৰ ১৫৮১/১৯ নং গোচৰৰ অধীনত পেণ্টালুনৰ মেনেজাৰ ৰঞ্জু হাজৰিকা,কৰ্মচাৰী দ্বিপেন দিহিঙীয়া, ছজিবুৰ ৰহমান,কেশৱ হাজৰিকা, কেশৱ সোনোৱাল আৰু ৰঞ্জিত বৰুৱাক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। শাৰদীয় দুৰ্গাপূজাৰ প্ৰাকক্ষণত ডিব্ৰুগড়ৰ এটা শ্বপিং মলত এগৰাকী কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সকলোতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।












