ASSAM TIMES POST
গুৱাহাটীঃ অহা ১৫ ডিচেম্বৰত ঘোষণা কৰা হ’ব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ নাম। দেওবাৰে সভাৰ গুৱাহাটী কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত এই কথা সদৰী কৰে নিৰ্বাচন সমিতিৰ সদস্য, জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে।
মহাজনে কৰা ঘোষণা অনুসৰি, দেওবাৰৰপৰাই এইকেইটা পদৰ বাবে নিৰ্বাচনী আচৰণবিধি বলবৎ হৈছে। ইফালে ১ নৱেম্বৰৰপৰা জিলা, শাখা পৰ্যায়ত ভোটদান পৰ্ব অনুষ্ঠিত হ’ব। ইয়াৰ পাছতে ১৫ ডিচেম্বৰত পৰৱৰ্তী সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ নাম ঘোষণা কৰা হ’ব।
সংবাদমেলত সভাৰ বৰ্তমানৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীকে প্ৰমুখ্য কৰি আন আন বিষয়ববীয়াসকলো উপস্থিত থাকে।












