ASSAM TIMES POST
নগাঁওঃ ফুলৰ মালা নহয়, জোতা চেন্দেলৰ মালা পিন্ধাই,লপা-থপা দি সমদল কৰি ৰাজপথেৰে এজন লোকক লৈ যোৱা হৈছে। এই লোকজনৰ নাম বাবলা নায়ক।
এই দৃশ্য নগাঁও জিলাৰ কঠিয়াতলীৰ। শনিবাৰে পুৱা কঠীয়াতলীৰ মুদৈ বস্তিৰ বাবলা নায়কে নিজৰে ভতিজাকক যৌন নিৰ্যাতন চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। সেয়ে জোতা, চেন্দেলৰ মালা পিন্ধাই এনেদৰে লপা থপা দি অভিযুক্ত বাবলাক ৰাইজে শাস্তি প্রদান কৰিছে।
অভিযোগ অনুসৰি শনিবাৰে পুৱা কঠিয়াতলী মুদৈ বস্তীৰ বাবলা নায়কৰ ঘৰলৈ কোনো বিশেষ কাৰণত ভতিজাক আহিছিল। কিন্তু সেই সময়ত পেহাক বাবালাই ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ১৪ বছৰীয়া ভতিজাকক যৌন নিৰ্যাতন চলায় বুলি অভিযোগ উঠিছে।
কিশোৰী গৰাকীৰ মুখেৰে সকলো কথা পোহৰলৈ অহাত অভিযুক্ত বাবলাক ৰাইজে আটক কৰি চেন্দেলৰ মালা পিন্ধাই, লপা-থপা দি আৰক্ষী চকীত গতাই দিয়ে। অভিযুক্ত বাবলা নায়কৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত আৰক্ষীয়ে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব।











