ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ৩৪৭জন ক’ৰোনাত আক্ৰান্ত।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৪২,৬৭০ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩৪৭গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৬২ জন কামৰূপ মেট্ৰ’ৰ।শনিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৮১ শতাংশ।
আনহাতে,মঙলবাৰৰ দিনটোত মৃত্যু হৈছে ৩ জন ব্যক্তিৰ৷উল্লেখ্য যে ৰাজ্যত সুস্থৰ হাৰ ৯৮.৩৬ শতাংশ।