ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিব্ৰুগড়ত সদ্য মুকলি পেন্টালোন শ্বপিং মলত যুৱকৰ মৃতদেহ উদ্ধাৰঃ উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীৰ সদৰ থানা ঘেৰাও

ASSAM TIMES POST by ASSAM TIMES POST
September 21, 2019
Reading Time: 1 min read
A A
0
ডিব্ৰুগড়ত সদ্য মুকলি পেন্টালোন শ্বপিং মলত যুৱকৰ মৃতদেহ উদ্ধাৰঃ উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীৰ সদৰ থানা ঘেৰাও

অনিদিষ্ট কাললৈ  প্ৰশাসনে বন্ধ কৰিলে শ্বপিং মল পেণ্টালোন

RELATED POSTS

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

logo atp | ASSAM TIMES POSTASSAM TIMES POST

বিভাস দুৱৰা, ডিব্ৰুগড়ঃ ডিব্ৰুগড়ত কালি শুভ উদ্বোধন কৰা পেণ্টালোন নামৰ শ্বপিং মলত আজি এজন যুৱকৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। লাটু দিহিঙ্গীয়া(২৫) নামৰ যুৱক জনৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰিয়েই সৃষ্টি হয় এই উতপ্ত পৰস্থিতি। জানিব পৰা মতে লাটু দিহিঙীয়া ডিব্ৰুগড় বৰবৰুৱাৰ বাৰতি গাওঁৰ বাসিন্দা গোলাপ দিহিঙীয়া আৰু জিনু দিহিঙীয়াৰ পুত্র আৰু তেওঁ কেইবা মাহৰপৰা নিৰ্মীয়মান ৰংঘৰ প্লাজা নামৰ শ্বপিং মলটোৰ কৰ্মী হিচাপে নিযুক্ত হৈ আছিল।

bf062aa6 4f8d 4a8a 9f27 ad3e9c89e38f | ASSAM TIMES POST

শ্বপিং মলটোতে আন কৰ্মী সকলৰ লগত থাকি কাম কৰি আছিল স্থানীয় লাটু নামৰ যুৱক জনে। ডিব্ৰুগড়ৰ এইচ এছ ৰোডত থকা এই পেন্টালোন নামৰ শ্বপিং মলটোত যোৱা শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা যুৱক জনৰ মৃতদেহ আজি নিৰ্মীয়মান শ্বপিং মলটোৰ লিফটৰ গাঁতত ৰহস্যজনক ভাবে পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয়।

নিৰুদ্দিষ্ট যুৱক জনৰ মৃতদেহ এনেদৰে উদ্ধাৰ হোৱাৰ পিছতে সকলোতে একপ্ৰকাৰ হুৱাদুৱা লাগে। যুৱকজনৰ গাঁৱৰ শতাধিক লোক আজি পুৱাৰ ভাগত উক্ত মলত উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। সকলোৱে এয়া এক পৰিকল্পিত হত্যকাণ্ড বুলি অভিযোগ কৰে।

কালি লাটু নামৰ যুৱকজন নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত শ্বপিং মল কৰ্তৃপক্ষক পৰিয়ালৰ লোকে অৱগত কৰিছিল যদিও কৰ্তৃপক্ষই এই বিষয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰে পৰিয়ালবৰ্গই। আজি পুৱাৰ ভাগত পৰিয়ালৰ লোকে যুৱকজনক বিচাৰি আহিছিল যদিও শ্বপিং মল কৰ্তৃপক্ষই তেওঁলোকক ভিতৰলৈ যাবলৈ দিয়া নাছিল।

পিছত পৰিয়ালৰ লোকে বলপূৰ্বকভাবে ভিতৰলৈ সোমাই বিচাৰ- খোঁচৰ কৰাতহে মৃতদেহটো উদ্ধাৰ হয়। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি বড়াৰ নেতৃত্বত এক বৃহৎ আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু দণ্ডাধীশ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

e29e3869 459b 4aa9 b2a4 0deb4cf1265c | ASSAM TIMES POST

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। লগতে ঘটনাৰ লগত জৰিত থকাৰ সন্দেহত শ্বপিং মলটোৰ পৰিচালককে ধৰি ১৫ জন কৰ্মচাৰীক আটক কৰে ডিব্ৰুগড়ৰ আৰক্ষীয়ে। ইফালে শ্বপিং মলটোৰ স্বত্বাধিকাৰী তথা অভিযন্তা হৰিশ বৰুৱা ঘটনাৰ পিছতে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে।

যুৱক জনৰ মূৰত স্পষ্টকৈ আঘাতৰ চিহ্ন থকাত এয়া এক হত্যাকাণ্ড বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত স্পষ্ট হৈছে। আনহাতে দোষীক শ্ৰীঘে কৰায়ত্ত কৰাৰ দাবীৰ লগতে পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণ আৰু পত্নী দিম্পী দিহিঙীয়াক কৰ্ম সংস্থাপন দিয়াৰো ভালেকেইটা সংগঠনে দাবী জনায়।

ইয়াৰ উপৰি যুৱকজনৰ কন্যাৰ সম্পূৰ্ণ ভৰণ-পোষণৰ দাবীত টাই আহোম যুৱ পৰিষদ, টাই আহোম ছাত্র সন্থা আৰু স্থানীয় ৰাইজে ডিব্ৰুগড় সদৰ আৰক্ষী থানা ঘেৰাও কৰি পৰিস্থিতি উত্তাল কৰি তোলে। তাৎপৰ্যপূৰ্ণ যে যোৱা শুক্ৰবাৰে উদ্বোধন কৰা মলটোৰ আধাৰশিলা সময়টো কৰ্মৰত এজন শ্ৰমিক শোকাৱহ ভাবে মৃত্যু হৈছিল। পুনৰ মলটোৰ নিৰাপত্তা দিশটো নুচুৱাকৈ পৌৰসভা তথা শংশ্লিষ্ট বিভাগ আৰু জিলা প্ৰশাসনে মুকলিৰ বাবে কেনেকৈ অনুমতি দিলে সেইয়াও এতিয়া ৰহস্যৰ আৱৰ্তত। ইতিমধ্যে জিলা প্ৰশাসনে মলটোৰ সকলো নথিপত্ৰ জব্দ কৰা লগতে অনিদিষ্ট কাললৈ সকলো জনসাধাৰণৰ বাবে মলটো বন্ধ কৰি দিয়া বুলি জানিব পৰা গৈছে।

Tags: Featured
Share4Tweet3Send

Related Posts

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
ADVERTISEMENT
India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ
National-International

India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ

June 3, 2026
50
Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ
National-International

Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ

June 3, 2026
50
Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ
Sports News

Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

June 3, 2026
50
‎Hotel illegally expanded : অনুমতি আছিল ছটা নিৰ্মাণৰ, নিৰ্মাণ কৰিলে ২৫টা, যাতায়াতৰ পথ এটাই : অগ্নিকাণ্ডত ২১জনৰ মৃত্যুৰ পাছত দৃষ্টিলৈ দিল্লীৰ হোটেল
National-International

‎Hotel illegally expanded : অনুমতি আছিল ছটা নিৰ্মাণৰ, নিৰ্মাণ কৰিলে ২৫টা, যাতায়াতৰ পথ এটাই : অগ্নিকাণ্ডত ২১জনৰ মৃত্যুৰ পাছত দৃষ্টিলৈ দিল্লীৰ হোটেল

June 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ

India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ

June 3, 2026
Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ

Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ

June 3, 2026
Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

June 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx