ASSAM TIMES POST
গুৱাহাটীঃ কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে এগৰাকী অতিৰিক্ত সহকাৰী আয়ুক্তক শাৰীৰিকভাৱে অপদস্থ কৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতে শনিবাৰে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
জানিবপৰা মতে গত ৯ ছেপ্টেম্বৰতেই এই ঘটনা ঘটিছিল। ভিডিঅ’টোত দেখা পোৱাৰ দৰে যি স্থানত এই ঘটনা ঘটিছিল, সেয়া আছিল এখন হোটেলৰ ভিতৰৰ অংশ। ইয়াতে প্ৰথমে দুয়োৰে মাজত কথাত কটা-কটি হয়।
ইয়াৰ পাছতে হতা-হতিলৈ ৰূপান্তৰিত হয়। হোটেলখনৰ ভিতৰত সংলগ্ন হৈ থকা চিচি টিভিতে এই দৃশ্যাংশ বন্দী হৈছিল বুলি দাবী উত্থাপিত হৈছে। অৱশ্যে তদন্তৰ পাছতহে ভিডিঅ’টোৰ সত্যাসত্য পোহৰলৈ আহিব।












