ASSAM TIMES POST
অমৃত কুমাৰ শৰ্মা,শিৱসাগৰঃ শিৱসাগৰ জিলাৰ অন্তৰ্গত দিখৌমুখ মহাবিদ্যালয়ত গ্ৰাম্য জ্ঞান কেন্দ্ৰ(village knowledge centre)আৰু আই.কিউ.এ. চি(IQAC)ৰ সহযোগত ১৯ ছেপ্টেম্বৰ, বৃহস্পতিবাৰে ‘তথ্য প্ৰযুক্তি, জলবায়ু পৰিৱৰ্তন আৰু গ্ৰাম্য জীৱনত প্ৰভাৱ’ (ICT AND CLIMATE CHANGE IN RURAL CONTEXT) শীৰ্ষক এক এদিনীয়া কৰ্মশালা আৰু আলোচনাচক্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয়।
মহাবিদ্যালয়ৰ প্ৰবক্তা ৰমেন কলিতাই আঁত ধৰা আলোচনাচক্ৰত সমল ব্যক্তি ৰূপে উপস্থিত থাকি শিৱসাগৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ নৱজ্যোতি শৰ্মা আৰু শিৱসাগৰৰ বিশিষ্ট চিকিৎসক ডাঃ সুৰজিত গিৰীয়ে পৃথকে পৃথকে মূল বিষয়বস্তুৰ ব্যাখ্যা আগবঢ়াই। আলোচনাচক্ৰত দিখৌমুখ মহাবিদ্যালয়ৰ সাতোটা বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰাসংগিক বিষয়ৰ ওপৰত মুঠ দহখন আলোচনা পত্ৰ পাঠ কৰে।
মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ পবিত্ৰ কুমাৰ দত্তই আদৰণি ভাষণ প্ৰদান কৰা আলোচনাচক্ৰখনিত IQAC ৰ সমন্বয়ক ড০ ৰঞ্জীত কুমাৰ বৰুৱাই আলোচনাচক্ৰৰ উদ্দেশ্যে অৱগত কৰি শুভেচ্ছামূলক বক্তব্য দাঙি ধৰে। সমল ব্যক্তিসকলে আলোচনা পত্ৰ সমূহৰ পয্যালোচনা আগবঢ়াই আৰু ড০ প্ৰতিম শৰ্মাই প্ৰতিবেদকৰ প্ৰতিবেদন পাঠ কৰে। গ্ৰাম্য কৃষি কেন্দ্ৰৰ সমন্বয়ক ৰশ্মি সন্দিকৈয়ে শলাগৰ শৰাই আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।