নিউজ ডেস্কঃ
শিখসকলৰ নৱম গুৰু টেগবাহাদুৰে নিজ হাতেৰে থাপন কৰা ঐতিহাসিক শ্ৰী টেগ বাহাদুৰ গুৰুদ্বাৰা দৰ্শন কৰি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে গুৰুদ্বাৰাৰ লংগৰত পুৱাৰ জলপান গ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
কালি মহা অষ্টমীৰ দুপৰীয়া ধুবুৰী জিলাত উপস্থিত হৈ বগৰীবাৰিৰ ঐতিহাসিক মা মহামায়া মন্দিৰ, তামাৰহাট, গৌৰীপুৰকে ধৰি ধুবুৰীত দুৰ্গা পূজা উপভোগ কৰে মুখ্যমন্ত্ৰী গৰাকী। নিশাটো ধুবুৰীৰ আৱৰ্ত ভৱনত কটাই পুৱাই ধুবুৰীৰ গুৰুদ্বাৰাত উপস্থিত হোৱা পিছত উপস্থিত সাংবাদিকৰে হোৱা কথা–বতৰাত ধুবুৰীৰ পূজা চাই ভাল লগা বুলি নিজৰ অনুভৱ ব্যক্ত কৰে। লগতে, ধুবুৰীত পুনৰ আহিব আৰু ইয়াতো কেবিনেট হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।