ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ মানৱ উত্থান সেৱা সমিতিৰ সৌজন্যত অহা ২১ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বৰ লগতে গোলাঘাট জিলাৰ পাঁচআলি স্হিত মানৱ ধৰ্ম আশ্ৰম তথা উৰিয়ামঘাটতো উলহ-মালহেৰে সতপালদেৱ মহাৰাজৰ জন্মোৎসৱ উদযাপনৰ প্ৰস্তুতি চলিছে।
উৰিয়ামঘাটৰ মানৱ উত্থান সেৱা সমিতিৰ আত্মবোধ আশ্ৰমত মানৱ ধৰ্মৰ প্ৰণেতা তথা বিশ্ববিখ্যাত আধ্যাত্মিক আৰু সামাজিক সংস্হা মানৱ উত্থান সেৱা সমিতিৰ সংস্হাপক সতপালদেৱ মহাৰাজৰ ৬৮সংখ্যক জন্মোৎসৱ ১৯ ছেপ্টেম্বৰৰ পৰা ২১ ছেপ্টেম্বৰলৈকে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। ১৯ ছেপ্টেম্বৰত পুৱা ৯বজাৰ পৰা উৰিয়ামঘাট আত্মবোধ আশ্ৰমৰ পৰা উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়লৈ স্বচ্ছতা অভিযান আৰু বৃক্ষৰোপন কাৰ্যসূচীত শতাধিক ৰাইজে অংশগ্ৰহণ কৰে।
২০ ছেপ্টেম্বৰত ছাত্ৰ-ছাত্ৰীৰ মাজত সাহিত্য প্ৰতিযোগিতা,২১ছেপ্টেম্বৰত পুৱা গুৰু বন্দনা, ভজন-কীৰ্তনেৰে শুভাৰম্ভ হ’বলগা মুকলি সভাত সকলো ৰাইজৰ উপস্হিতি আৰু সহযোগিতা মানৱ উত্থান সেৱা সমিতিৰ হৈ পংকজ কুমাৰ দাসে কামনা কৰিছে।
উল্লেখ্য যে মানৱ উত্থান সেৱা সমিতিৰ তত্বাৱধানত মানৱৰ আত্মচেতনা জাগৃতি তথা আধ্যাত্মিক উত্থানৰ বাবে দেশ- বিদেশৰ বিভিন্ন ঠাইত বিশাল ৰূপে সদভাৱনা সন্মিলন আয়োজনৰ যোগেদি মানৱৰ মাজত সদভাৱনা,মানৱীয় মূল্যবোধ,একাত্মবোধ জগাই তুলি সমাজত শান্তি,একতা,প্ৰেম, ভাতৃত্ববোধৰ ভাৱ স্হাপনৰ অৰ্থে নিজকে ব্ৰতী ৰাখিছে।
১৯৫১ চনৰ ২১ ছেপ্টেম্বৰত পৱিত্ৰ তীৰ্থভূমি হৰিদ্বাৰত জন্মগ্ৰহণ কৰা সতপালদেৱ মহাৰাজৰ পিতৃ যোগীৰাজ হংসদেৱ মহাৰাজ আৰু মাতৃ ৰাজেশ্বৰী দেৱী।