ASSAM TIMES POST
নগাঁওঃ নগাঁও আৰক্ষীয়ে কালি নিচেই পুৱা এক অভিযান চলাই ৰহাৰ টোল গেটৰ ওচৰত মহিলা সহ চাৰি কুখ্যাত আন্তঃৰাজ্যিক ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে ৫৬ গ্ৰাম হিৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ মাফিয়াকেইটা হ’ল বৰপেটাৰ গুণাৰ ফুলচান্দ আলি( ৩০), দৰঙৰ নাংগালিচৰৰ মহম্মদ মুক্তাৰ আলি( ২৮), দৰঙৰ ধলপুৰৰ হান্নান আলি( ২৮) আৰু হাজোৰ চাকিনা বেগম( ২৭) ৷
প্ৰাপ্ত খবৰ মতে গোপন সুত্ৰৰ পম খেদি কালি পুৱা নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক( সদৰ) ৰ’জি কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে ৰহা টোল গেটৰ ওচৰত গুৱাহাটীৰ দিশৰ পৰা আহি থকা এএছ০১এআৰ ২৮৭৮ নম্বৰৰ এখন ফৰ্ড ফিগ’ গাড়ীত তালাচী চলাই হিৰ’ইন খিনি জব্দ কৰাৰ লগতে ড্ৰাগছ মাফিয়াকেইটাক গ্ৰেপ্তাৰ কৰে।