ASSAM TIMES POST
গুৱাহাটীঃ আগন্তুক দুৰ্গা পূজাৰ সময়ছোৱাত ৰাজ্যত পেট্ৰলৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। বিশ্বৰ সৰ্বাধিক তেল উৎপাদক চৌদি আৰামক’ত শনিবাৰে ড্ৰোণ আক্ৰমণৰ ফলত সোমবাৰে ব্ৰেণ্ট ক্ৰুডৰ মূল্য বিগত ২৮বছৰৰ ভিতৰত সৰ্বোচ্চ হোৱাতে দেশ কিম্বা অসমতো ইয়াৰ প্ৰভাৱ পৰাৰ আশংকা ঘণীভূত হৈছে। আক্ৰমণৰ কাৰণে অহা দিনসমূহত ইয়াত উৎপাদন হ্ৰাস হোৱাৰ ফলতে যোগান হ্ৰাস হৈ চাহিদা বৃদ্ধি হৈ পৰিব। যিয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি কৰিব। মন কৰিবলগীয়া কথাটো এয়ে যে ইয়াৰপৰাই ভাৰতে পৰ্যাপ্ত পৰিমাণৰ তেল ক্ৰয় কৰি আহিছে। এটা সূত্ৰই জনোৱা অনুসৰি, যাৰ বাবে দেশত পেট্ৰলৰ মূল্য সৰ্বাধিক ৭ টকালৈ বৃদ্ধি পাব। ইয়াৰ পৰিপ্ৰেক্ষিতত অসমত বৰ্তমানে প্ৰতি লিটাৰ পেট্ৰল ৭৪ টকাত ক্ৰয় কৰাৰ বিপৰীতে অনাগত দিনসমূহত ৮০ টকাত কিনিব লাগিব। কেৱল পেট্ৰলেই নহয়, দেশ তথা ৰাজ্যত ডিজেলকে প্ৰমুখ্য কৰি পেট্ৰ পণ্যৰো মূল্যবৃদ্ধি হোৱাটো অৱশ্যাম্ভাৱী হৈ পৰিছে।












