ASSAM TIMES POST
গুৱাহাটীঃ গত ১২ ছেপ্টেম্বৰত গুৱাহাটীৰ কুমাৰপাৰাৰ শ্যাম সুন্দৰ ৰাটাৱা নামৰ লোকজনক হত্যা কৰা দুই দুৰ্বৃত্তক ম’ষ্ট ৱাণ্টেড ঘোষণা কৰিছে মহানগৰ আৰক্ষীয়ে।
ইতিমধ্যে চিচি টিভিত বন্দী হোৱা দুই দুৰ্বৃত্তৰ চেহেৰাৰ স্পষ্ট ফটো আৰক্ষীয়ে লাভ কৰিছে।। সেয়ে এই দুটা অপৰাধীকে ধৰি, সমগ্ৰ হত্যাকাণ্ডটোত জড়িত পাচোটা অপৰাধীৰ সন্ধান দিওঁতাক প্ৰতিটোৰে বিপৰীতে ২৫ হাজাৰ টকাকৈ দিয়া হ’ব বুলি সোমবাৰে মহানগৰ আৰক্ষীৰ শীৰ্ষ সূত্ৰই সংবাদ মাধ্যমত সদৰী কৰিছে।
তদুপৰি দুৰ্বৃত্ত দুটাক দেখা মাত্ৰকে 8474077791 আৰু 9435343273 নম্বৰত খবৰ দিবলৈ সূত্ৰটোৱে কয়। উল্লেখ্য যে খবৰ দিওঁতাৰ পৰিচয় সম্পূৰ্ণ গোপনে ৰাখিব আৰক্ষীয়ে।












