নিউজ ডেস্কঃ
বাইক চলাবলৈ ভালপালেও বহুতে পেট্রোলৰ চৰামূল্যৰ বাবে এবাৰলৈ হ’লেও ভাবিবলগা হৈছে। এই অভিজ্ঞতা বৰ্তমান প্ৰায় প্ৰতিগৰাকী ভাৰতীয়ৰে। বহুতৰে আকৌ অনুজ্ঞা-পত্ৰ নথকাৰ বাবেও বাইক চলোৱাত অসুবিধাত পৰিবলগা হয়। এই সমস্যা সমাধান কৰিবলৈ আহি আছে এটম ১.০। এই বাইক চলাবলৈ প্ৰয়োজন নাই পেট্রোলৰ, চলে বিদ্যুৎ শক্তিত। লগতে ইয়াৰ গতিবেগ অতি বেছি নোহোৱা বাবে চলাবলৈ ড্ৰাইভিং লাইচেন্সেৰো প্রয়োজন নাই। পূৰ্বৰ ইলেকট্রিক বাইকবোৰ স্কুটিৰ দৰে আছিল যদিও এই নতুন এটম ১.০ দেখিবলৈ মটৰবাইকৰ দৰেই।
একবাৰ সম্পূৰ্ণ চার্জ দিলে এটম চলিব ১০০ কিলোমিটাৰ। ইয়াৰ বাবে সময় লাগিব চাৰি ঘণ্টা, য’ত মাত্র ৭ টকাৰ বিদ্যুৎ খৰচ হ’ব। অৰ্থাৎ ৭ টকাত ১০০ কিঃমিঃ চলাব পাৰিব এই ই-বাইক।
হায়দৰাবাদৰ এক ষ্টার্টআপ অটোমোবাইল কোম্পানীয়ে বজাৰলৈ আনিছে নতুন এই ই-বাইক। আছে এক ভিন্টেজ লুক। ওজন মাত্র ৩৫ কেজি যাৰ ভিতৰত বেটাৰীৰ ওজন ৬ কেজি। গাড়ীৰ সর্বোচ্চ গতিবেগ ২৫ কিঃমিঃ প্রতি ঘণ্টা। সেই কাৰণেই ইয়াক চলাবলৈ ড্রাইভিং লাইচেন্সেৰ প্রয়োজন নাই। দামো সাধ্যৰ ভিতৰতেই। শ্বৰুমৰ পৰা মাত্র ৪৯,৯৯৯ টকাত ঘৰলৈ নিব পাৰিব এটম ১.০।