ASSAM TIMES POST
শিৱসাগৰঃ শিৱসাগৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত সংঘটিত হৈছে এক জঘন্য ঘটনা।
যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত যৌন সংঘটিত কেলেংকাৰী।
ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ প্ৰগেম মেনেজাৰে সংঘটিত কৰিছে এই কেলেংকাৰী।
স্বাস্থ্য মিছনৰ প্ৰগেম মেনেজাৰ হিল্টন শইকীয়াৰ বিৰোদ্ধে মিছনৰ লেবৰটৰী টেকনিচায়নৰ প্ৰৱঞ্চনাৰে ধৰ্ষণৰ অভিযোগ।
শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল লেবৰেটৰী টেকনিচিয়ান বৰ্ণালী দেউৰীৰ।
এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 498(a) 376, 494 ধাৰাত 913/19 নম্বৰৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ প্ৰগেম মেনেজাৰ হিল্টন শইকীয়াৰ।
শইকীয়াৰ বিৰোদ্ধে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ চিলাপথাৰ কাৰ্যালয়ৰ লেবৰেটৰী টেকনিচিয়ান বৰ্ণালী দেউৰীৰ অভিযোগ যে দীৰ্ঘদিনে হিল্টন শইকীয়াই যৌন শোষণ চলাই আহিছে ৷
ইফালে হিল্টন শইকীয়াৰ পত্নীৰো বৰ্ণালী দেউৰীৰ বিৰোদ্ধে এজাহাৰ ৷ এজাহাৰত বৰ্ণালী দেউৰীয়ে হিল্টন শইকীয়াৰ পৰা ব্লেকমেইলিঙৰে ধন দাবী কৰাৰ অভিযোগ।
শিৱসাগৰ আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ অন্তত শিৱসাগৰ সদৰ থানাত জেৰা অব্যাহত ৰাখিছে হিল্টন শইকীয়াক ৷
হিল্টন শইকীয়াৰ শিক্ষয়িত্ৰী পত্নীৰ হিয়া ভগা কান্দোনত সদৰ থানাত হাহাকাৰ পৰিস্থিতি ৷












