ASSAM TIMES POST
ৰঙিয়াঃ ৰঙিয়া মহকুমাৰ তিতকুৰীত থকা বিৰদত্ত হাইস্কুলত অলপতে এটি দকাইতৰ দলে নিশা দৰ্জাৰ শিকলি মেচিনেৰে কাতি ১১ টা কম্পিউটাৰৰ চেত, ডাঙৰ জেনেৰেটৰ এটা আৰু বহু মূল্যবান সামগ্ৰী ডকাইটি কৰি লৈ গৈছিল।

এই ঘটনাৰ পিছত স্কুলৰ ছাত্র-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলে ভগৱানক প্ৰাৰ্থনা কৰিছিল যাতে দকাইটি হোৱা সকলো বস্তু উদ্ধাৰ হোৱাৰ লগতে ডকাইত কেইজন আৰক্ষীৰ হাতত শিঘ্ৰে আটক হয়।

ছাত্র-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলৰ প্ৰাৰ্থনাই যেন কামত আহিল। বৃহস্পতিবাৰে বাইহাটা চাৰিআলি আৰক্ষীয়ে এই ঘটনাত জৰিত তিনিজন ডকাইতক আটক কৰি ডকাইটি হোৱা সকলো সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ তৎপৰতাক বিৰদত্ত হাইস্কুল খনৰ লগতে সকলো ৰাইজে ভূয়সী প্ৰশংসা কৰে। লগতে এই ঘটনাটোত জৰিত বাকী কেইজন ডকাইতকো শিঘ্ৰে আটক কৰি কঠোৰ শাষ্টি দিয়াৰ দাবী জনাইছে সকলোৱে।












