ASSAM TIMES POST
বিভাস দুৱৰা,ডিব্ৰুগড়ঃ “অসমৰ ৰাইজে আমাক ক্ষমা কৰি দিয়ক। আমাৰ কৰবাত হয়তো ভুল হৈছিল, যাৰ বাবে তাজিয়াৰ সময়ত ডিব্ৰুগড়ত বহু অপ্ৰীতিকৰ পৰিস্থিতি আৰু আইন-শৃংখলা পৰিস্থিতিৰ উদ্ভব হ’ব লগীয়া হয়” বুলি মহৰম সমিতিয়ে ডিব্ৰুগড়ত আয়োজিত এক সংবাদমেলত এই কথা সদৰি কৰে।
ডিব্ৰুগড়ত অনুষ্ঠিত তাজিয়া খেলত হোৱা অপ্ৰিতীকৰ পৰিস্থিতিৰ সন্দৰ্ভত আজি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰে ডিব্ৰুগড় জিলা মহৰম সমিতিয়ে । সংবাদমেলত সমিতিয়ে কয় যে তাজিয়া খেলৰ উদ্দেশ্য কোনো আতংক,ভয়-ভীতি প্ৰদৰ্শন কৰা,গাড়ীৰ ক্ষতিসাধন,সম্পতি বিনষ্ট কৰা,পৰিবেশ বিনষ্ট কৰাৰ বাবে নহয়।পৰম্পৰাগত,অস্ত্ৰৰ বাহিৰে তাজিয়াত অন্যধৰনৰ কোনো অস্ত্ৰ লোৱা নহয়।
জিলাখনত ২৭ টা স্থানৰ পৰা প্ৰায় ৩০ হাজাৰ লোকে সমদল কৰি তাজিয়াত অংশগ্ৰহন কৰে।ডিব্ৰুগড়তো সাতটা স্থানৰ পৰা বহু বছৰ ধৰি এনেকৈয়ে তাজিয়া বাহিৰ কৰা হৈছে।কিন্তু এইবাৰৰ দৰে অঘটন হোৱা নাছিল।যি ঘটনা ঘটিল সেয়া ৰাজ্যৰ কতোৱেই হোৱা নাই।সেয়ে আমি সকলোৱে দুখ প্ৰকাশ কৰিছো আৰু আমাক ভুল নুবজি ক্ষমা কৰিবলৈ অনুৰোধ জনালো বুলি আজিৰ সংবাদমেলৰ জৰিয়তে মহৰম কমিটীয়ে সদৰি কৰে।
আনাহাতেদি এইবাৰ তাজিয়া সমদলৰ সময়ত কিছুলোকে,বিশেষকৈ একাংশই ৰাজপথত আতংকৰ সৃষ্টি কৰাৰ লগতে দুজন যুৱকে কেইবাখনো বাহন ভাঙি ক্ষতিগ্ৰস্ত কৰে।এনে ঘটনাৰ পাছতে ডিব্ৰুগড়ত বৃহস্পতি বাৰ পৰ্যন্ত উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈ থাকে। এই অনাকাংশিত পৰিস্থিতিৰ বাবে সকলো ৰাইজৰ ওচৰত কৰযোৰে ক্ষমা বিচাৰি সকলো পক্ষকে শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায় ডিব্ৰুগড় জিলা মহৰম সমিতিয়ে।
নেতৃত্বত ৰৈ যোৱা সুৰুঙাৰ বাবেই কোনো উদণ্ড যুৱকে এনে দুখজনক ঘটনা সংঘটিত কৰে বুলি কৈ ভৱিষ্যতে এনে কাৰ্য কেতিয়াও নহয় বুলি দাবী কৰি সংবাদ মেল যোগে জানিবলৈ দিয়ে মহৰম সমিতিয়ে । আনহাতে,এক বৈদ্যুতিক সংবাদ মাধ্যমৰ জৰিয়তে বিশিষ্ট লেখক ইছমাইল হুছেইনে ডিব্ৰুগড় তাজিয়া কাণ্ডৰ লগত জড়িত লোকসকল মূলতঃ বহিৰাগত আৰু তেওঁলোকে মহৰমৰ তাৎপৰ্যৰ বিষয়ে নাজানে বুলি কোৱা মন্তব্যৰ তীব্ৰ বিৰোধীতা কৰে ডিব্ৰুগড় জিলা মহৰম সমিতিয়ে।
সংবাদমেলত উপস্থিত থাকে মহৰম সমিতিৰ সভাপতি চামচুদ্দিন আহমেদ, সম্পাদক নৌচাদ খান, ডিব্ৰুগড় জিলা মহৰম আখৰা সমিতিৰ সভাপতি হাইদৰ আলি সহ কেইবাগৰাকী বিষয়ববীয়া।ইফালে ডিব্ৰুগড় আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতাৰ বাবে আজি তৎকালে বলবৎ হোৱাকৈ জিলা আৰক্ষী অধীক্ষক সুভাষিনী শংকৰনক বদলিৰ নিৰ্দেশ জাৰি কৰি তাৰ ঠাইত পূৰ্বৰ গৌতম বৰাক ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।আৰক্ষী অধীক্ষক গৰাকীৰ ব্যৰ্থতাৰ বাবেই ডিব্ৰুগড়ত তাজিয়াৰ সময়ত অপ্ৰিতীকৰ পৰিস্থিতিৰ স্বৃষ্টি হোৱা বুলি সৰ্বত্ৰে চৰ্চা লভিছিল।












