ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ বোকাখাতৰ লতাবাৰীত বৃহস্পতিবাৰে মাজ নিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ বোকাখাতৰ লতাবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা এ এছ ২৫ চিচি ১২৫১ নম্বৰৰ এখন ট্ৰাকত এ এছ ০৫ এইচ ৬৫২৬ নম্বৰৰ স্কুটীখনে পাছফালে প্ৰচণ্ড খুন্দা মাৰে ৷
যাৰ ফলত স্কুটীখনত থকা বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ দ্বিতীয় ষন্মাষিকৰ ছাত্ৰ বোকাখাত ম’হমাইকী গাঁৱৰ দিবাকৰ ৰাজবংশী নামৰ যুৱকজন থিতাতে নিহত হয় ৷
লগতে তেওঁৰ লগত আৰোহী হিচাপে থকা বোকাখাত চাৰি নং ৱাৰ্ডৰ ৰাহুল দাস নামৰ যুৱকজন গুৰুতৰভাৱে আহত হয় ৷ নিশাই বোকাখাত থানাৰ যানবাহন শাখাৰ আৰক্ষীয়ে নিহত দিবাকৰ ৰাজবংশীক উদ্ধাৰ কৰাৰ লগতে আহত ৰাহুল দাসক বোকাখাতৰ ছহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷
চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত আহত ৰাহুল দাসক উন্নত চিকিৎসাৰ বাবে জে এম চি এইচ লৈ প্ৰেৰণ কৰে ৷












