ASSAM TIMES POST
নগাঁওঃ নগাঁৱৰ উদীয়মান কণ্ঠশিল্পী নিৰিবিলি বৰদলৈৰ এটি নিৰ্মাণৰত অসমীয়া আধুনিক গীতৰ এলবামৰ “মই কোন…” শীর্ষক এটি গীত ‘ইউ টিউব’ আৰু ‘টিভি চেনেল’ত সম্প্ৰচাৰৰ বাবে মুকলি কৰা হয় ।
আজি বিয়লি নগাঁও চহৰৰ লাওখোৱা ৰোডৰ শিল্পী গৰাকীৰ বাসগৃহত আয়োজিত এক অনাড়ম্বৰ অনুষ্ঠানত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক অৰূপ মান্নাই বন্তি প্ৰজ্বলন কৰি গীতটি আনুষ্ঠানিক ভাবে উন্মোচন কৰে। চলচ্চিত্ৰ পৰিচালক মান্নাই শিল্পী নিৰিবিলি বৰদলৈৰ কন্ঠৰ ‘মই কোন……’ শীর্ষক গীতটিয়ে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰাৰ লগতে যুৱ শিল্পী গৰাকীৰ উজ্বল ভৱিষ্যত কামনা কৰে।
উল্লেখ্য “মই কোন ……” গীতটিৰ গীতিকাৰ আৰু সুৰকাৰ হৈছে ক্ৰমে নিৰিবিলিৰ পিতৃ বিশিষ্ট নাট্যশিল্পী সপোনটি বৰদলৈ আৰু মাতৃ শাস্ত্ৰীয় সংগীতৰ বিশিষ্ট শিল্পী জোৎস্না দেৱী বৰদলৈ। সংগীত ব্যৱস্থাপনা মানস হাজৰিকাৰ ।গুৱাহাটীৰ লহৰ ডিজিটেল ষ্টুডিঅ’ত বানীবদ্ধ কৰা গীতটিৰ প্ৰযোজনা উপদেষ্টা বিশিষ্ট চলচ্চিত্ৰ পৰিচালক অৰূপ মান্না।
ৰাইজে গীতটি আকোৱালি ল’ব বুলি শিল্পী নিৰিবিলিয়ে আশা প্ৰকাশ কৰে। গীতটিৰ উন্মোচনী অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক জিতেন বৰকটকী, পলাশ ৰঞ্জন দাস,তপন বৰা,মানব বৰা,অজিত শইকীয়া উপস্থিত থাকে ।












