ASSAM TIMES POST
গুৱাহাটীঃ যোৱা কেইদিনমানৰপৰা অসম সাহিত্য সভাৰ নিৰ্বাচনী বতাহজাক বলিবলৈ আৰম্ভ কৰিছে। ভিন্ন মহলত ইয়াকে লৈ চৰ্চাও পূৰ্ণগতিত চলিছে। ইয়াৰ মাজতে প্ৰশ্ন উত্থাপিত হৈছে যে সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি কোন হ’ব? সাহিত্য সভাৰ মজিয়াত চলা চৰ্চা অনুসৰি বৰ্তমানৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীকে গৰিষ্ঠসংখ্যক জিলা সাহিত্য সভাই পুনৰ সভাপতি হিচাপে বিচাৰিছে।
বৰ্তমানৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাৱো পূৰ্বৰ তুলনাত অধিক আস্থাভাজন হৈ পৰিছে সাহিত্য সভাৰ মজিয়াত। কিন্তু আন এটা সূত্ৰই সদৰী কৰা অনুসৰি সাহিত্য সভাৰ আগন্তুক নিৰ্বাচনত সভাপতিৰ আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অসম আৰক্ষীৰ সঞ্চালক প্ৰধান তথা বিশিষ্ট গল্পকাৰ কুলধৰ শইকীয়াই। গত আগষ্টতে শইকীয়াই অৱসৰ গ্ৰহণ কৰাৰ কথা আছিল যদিও তেওঁৰ কাৰ্যকাল ইতিমধ্যে পৰৱৰ্তী তিনিমাহৰ কাৰণে বঢ়াই দিয়া হৈছে।
সেই অনুসৰি শইকীয়াই নৱেম্বৰত খাকী পোছাকধাৰীৰ শীৰ্ষ পদৰপৰা অৱসৰ গ্ৰহণ কৰিব। তেওঁ অৱসৰ গ্ৰহণৰ সমসাময়িকভাৱে সাহিত্য সভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। কেৱল কুলধৰ শইকীয়াই নহয়, বৰঞ্চ সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিৰ ভাবনাৰ দ্বিতীয় স্থানত আছে বিশিষ্ট ঔপন্যাসিক তথা ‘সাতসৰী’ আৰু ‘সাদিন’ৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীৰ নাম। সমান্তৰালভাৱে তৃতীয় স্থানত আছে সাহিত্যিক তথা অধ্যাপিকা কৰবী ডেকা হাজৰিকা।
সম্প্ৰতি এই তিনিগৰাকী সম্পৰ্কত সকলোৱে এটা কথাই কৈছে যে তিনিওজনেই সাহিত্য সভাৰ আসনখনৰ কাৰণে যোগ্য। তিনিওগৰাকীৰ মাজৰ যিকোনো এজন সভাপতিৰ আসনখনত বহিলে কাৰো আপত্তি কৰিবলগীয়া নাথাকিব। কিন্তু এটা কথা অনস্বীকাৰ্য যে বৰ্তমানৰ সভাপতি ডঃ ৰাজবংশীৰ বিৰুদ্ধে পূৰ্বতে থকা অভিযোগ এতিয়া আৰু নাই।
সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিয়েই তেওঁ সভাখনক অধিক গতিশীল কৰি তুলিছে বুলি প্ৰকাশ্যে কোনেও একো নক’লেও ৰাইজে হৃদয়ংগম কৰিছে। তেৱোঁ পুনৰ এই আসনখনত বহিবলৈ যিহেতু মন মেলিছে, সেয়ে উপৰোক্ত তিনিওজনৰ সৈতে যে অহা নিৰ্বাচনত তুমুল প্ৰতিদ্বন্দ্বিতা হ’ব সেই কথা নিশ্চিত।












