ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১১৯১৮৮ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১০৬৫ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৮১জন কামৰূপ মেট্ৰ’ৰ, ৭১জন লখিমপুৰৰ, ৬৩জন বৰপেটাৰ আৰু ৫৬জন নলবাৰীৰ। বুধবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৮৯ শতাংশ।
আনহাতে,বুধবাৰৰ দিনটোত মৃত্যু হৈছে ১৯ জন ব্যক্তিৰ৷ উল্লেখ্য যে বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ১২৬৩ জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৬.৯২ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫৭০৫০৪ জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ১০৮৭৬ জন ৰোগী।












