ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৯১১২৩ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৭৮৪ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১০৭জন কামৰূপ মেট্ৰ’ৰ, ৭২জন গোলাঘাট, ৫০জন লখিমপুৰৰ, ৪৯জন নলবাৰীৰ।দেওবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৮৬ শতাংশ।
আনহাতে,দেওবাৰৰ দিনটোত মৃত্যু হৈছে ১৫ জন ব্যক্তিৰ৷ উল্লেখ্য যে দেওবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ১৪৪৯ জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৬.৮৪ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫৬৬৯৮২ জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ১১২৯৫ জন ৰোগী।












