ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১০৭২৮৫ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৯৮৯ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৬০ জন কামৰূপ মেট্ৰ’ৰ, ৬৬জন কামৰূপ গ্ৰাম্যৰ, ৫৫জন গোলাঘাটৰ আৰু ৫০জন নলবাৰীৰ। শনিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৯২ শতাংশ।
আনহাতে,শনিবাৰৰ দিনটোত মৃত্যু হৈছে ১৯ জন ব্যক্তিৰ৷ উল্লেখ্য যে শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ১৪৮০ জন লোক। ৰাজ্যত সুস্থৰ হাৰ ৯৬.৭২ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫৬৬১৯৮ জনলৈ পাইছে বৃদ্ধি। ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ১১৯৭৫জন ৰোগী।












