ASSAM TIMES POST
নগাঁওঃ নগাঁও চহৰৰ সমীপবৰ্তী তেলিয়া পহুকটাত কালি সন্ধিয়া ৰাইজে এটা দুধৰ্ষ ডকাইতক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।ধৃত ডকাইতটোৰ নাম চাহাবুদ্দিন আলি।ডকাইতটোৰ পৰা এটা পিষ্টল জব্দ কৰে।পিচত ৰাইজে ডকাইতটোক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে।
পথাৰৰ কাষৰ জংঘলত লুকাই থকা জংঘলৰ পৰা ডকাইতটোক কৰায়ত্ব কৰে।জানিব পৰামতে আজি আৰক্ষীয়ে পাৰ্শ্ববৰ্তী ম’হখুলিত নিয়মীয়া তালাচী চলাইছিল।আৰক্ষীৰ তালাচী দেখি এখন স্কুটীত অহা ধৃত ডকাইতটো আৰু তেওঁৰ এজন সহযোগীয়ে পলায়ন কৰে।ডকাইত দুটাই সেই স্থানৰ পৰা পলায়ন কৰি আহি তেলিয়া পহুকটাৰ এখন জংঘলত সোমাই পৰে ।

পিচত আৰক্ষীয়ে ডকাইত দুটাক বিচাৰি অভিযান আৰম্ভ কৰে আৰু স্থানীয় ৰাইজকো সজাগ কৰি তোলে। ৰাইজে চাহাবুদ্দিন নামৰ ডকাইতটো জংঘলৰ পৰা ওলাই আহোতেই কৰায়ত্ব কৰি আৰক্ষীক গতাই দিবলৈ সক্ষম হয়।আনটো ডকাইতৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।












