নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কৰোনাত আক্রান্ত হৈছে ৪৪ হাজাৰ ২৩০ জন। সকলো মিলাই দেশত মুঠ আক্রান্ত হৈছে ৩ কোটি ১৫ লাখ ৭২ হাজাৰ ৩৪৪ জন।
দেশৰ দৈনিক আক্রান্তৰ আধাই হৈছে কেৰালাত। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত আক্রান্ত ২২ হাজাৰৰ বেছি। মহাৰাষ্ট্রত সেয়া ৭ হাজাৰৰ বেছি। কর্নাটক আৰু অন্ধ্রপ্রদেশত বিগত কেইটামান দিনত দৈনিক আক্রান্ত পুনৰ দুহাজাৰ অতিক্ৰম কৰিছে।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৫৫৫ জনৰ। সমগ্ৰ অতিমাৰিকালত দেশত প্রাণ হেৰুৱালে ৪ লক্ষ ২৩ হাজাৰ ২১৭ জনে।
বিগত ২৪ ঘণ্টাত সুস্থ হৈছে ১ হাজাৰ ৩১৫। বৰ্তমান দেশত সক্রিয় ৰোগী আছে ৪ লক্ষ ৫ হাজাৰ ১৫৫ জন।