ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১,২৮,৬৮৪ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১,২৯৯ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
বৃহস্পতিবাৰৰ দিনটোত সৰ্বাধিক কোৰোনাত আক্ৰান্তৰ তালিকাত শীৰ্ষত কামৰূপ মহানগৰ।জিলাখনত দিনটোত ক’ৰোনাত আক্ৰান্ত হ’ল ১৮৪ জন ব্যক্তি। আনহাতে লখিমপুৰত ১০৩ জন, গোলাঘাটত ৯১ জন আৰু ডিব্ৰুগড়ত ৭০ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে। বৃহস্পতিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ১.০১ শতাংশ।
বৃহস্পতিবাৰৰ দিনটোত কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে মুঠ ২০ জন লোকৰ। ইয়াৰ ভিতৰত সৰ্বাধিক মৃত্যু হৈছে যোৰহাট জিলাত জিলাখনত দিনটোত মৃত্যু হৈছে ৪ জন লোকৰ। আনহাতে বৰপেটা, গোলাঘাট, কাৰ্বি আংলং, মৰিগাঁৱত ২ জনকৈ, চিৰাং, হাইলাকন্দি, হোজাই, কামৰূপ মহানগৰ, কৰিমগঞ্জ, লখিমপুৰ আৰু নলবাৰী জিলাত ১ জনকৈ ব্যক্তিয়ে কোভিডত প্ৰাণ হেৰুৱাইছে।
উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ১,৬৬৪ জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৬.৫৭ শতাংশ।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ১২,৭৬৭ জন ৰোগী।












