ASSAM TIMES POST
নগাঁওঃ নগাঁও আৰক্ষীয়ে আজি অভিযান চলাই প্ৰায় ১১৩ গ্ৰাম হেৰ’ইন জব্দ কৰাৰ লগতে মহিলা সহ দুই ড্ৰাগছ ব্যৱসায়ীক আটক কৰে৷ এক গোপন সূত্ৰৰ পম খেদি নগাঁও আৰক্ষীৰ নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ মহন্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নগাঁৱৰ পশ্চিম নাৰামাৰীৰ ৰুহুল আমিন নামৰ এজন লোকৰ ঘৰত অভিযান চলাই প্ৰায় ১১৩ গ্ৰাম হেৰ’ইন জব্দ কৰে।

লগতে বৃহৎ সংখ্যক ড্ৰাগছ সেৱনত ব্যৱহৃত সামগ্রী , চিৰিঞ্জ আৰু চাৰি সহস্রাধিক নগদ ধন জব্দ কৰে৷ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ৰুহুল অমিনৰ পত্নী আনোৱাৰা খাতুন আৰু দিলদাৰ হুছেইন নামৰ এজন লোকক আটক কৰে৷












