ASSAM TIMES POST
গুৱাহাটীঃ ২০২০ ত অনষ্ঠিতব্য হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া অহা ১৪ অক্টোবৰত আৰম্ভ হৈ ৯ নৱেম্বৰত শেষ হ’ব। অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চেবাৰ সচিবে শেহতীয়াকৈ জাৰি কৰা এক জাননীত এই কথা প্ৰকাশ পাইছে।
সেই অনুসৰি সংশ্লিষ্ট বিদ্যালয়সমূহে এই প্ৰক্ৰিয়া কাৰ্যকৰী কৰিব। প্ৰ-পত্ৰ পূৰণৰ পাছত চালান গ্ৰহণ কৰিব লাগিব ১১ নৱেম্বৰৰ ভিতৰত আৰু বেংকত ধন জমা দিয়াৰ অন্তিম তাৰিখ ১৩ নৱেম্বৰ। ইয়াৰ সমস্ত নীতি-নিয়ম চেবাৰ ৱেবচাইট www.sebaonline.org ত উপলব্ধ হৈছে।












