অজন্তা তালুকদাৰ
বোকাখাত : নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহেন শইকীয়াৰ প্ৰত্যক্ষ উদ্যোগত জিলাখনৰে অন্যতম আদৰ্শ বিদ্যালয় হিচাপে পৰিগণিত হৈছে নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়। বিদ্যালয়খনৰ শৈক্ষিক, সাংস্কৃতিক, পৰিৱেশ সকলো দিশতে চকুত লগা উত্তৰণৰ লগতে নতুনকৈ সংযোজন হোৱা কলা কৃষ্টিৰ কুটিৰ আন এক আকৰ্ষণ হৈ পৰিছে বিদ্যালয়ৰ লগত জড়িত ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱক আৰু স্থানীয় ৰাইজৰ। বিদ্যালয় কৰ্তৃপক্ষৰ উদ্যোগত প্ৰতিষ্ঠা কৰা এই ক্ষুদ্ৰ সংগ্ৰহালয়ত সংৰক্ষন কৰা হৈছে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীয় সাজ-পাৰ, আ-অলংকাৰ, উৎসৱ-পাৰ্ৱন, ধৰ্মীয়, কৃষি কৰ্মত ব্যৱহৃত ঐতিহ্য বহন কৰা সম্পদ।
ছাত্ৰ-ছাত্ৰী, অভিভাৱক, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ দ্বাৰা যোগান ধৰা বিভিন্ন জনগোষ্ঠীয় সম্পদে কলা-কৃষ্টি-কুটিৰক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰবিন দত্তৰ মাতৃ বিমলা দত্তই আজি বিদ্যালয়খনৰ কলা কৃষ্টিৰ কুটিৰলৈ মানৰ দিনৰ এপাত জাঠী, জাৰ্মানত নিৰ্মিত এটা লণ্ঠন (মেনঠন), এটা পুৰণা হাত লেম্প দান কৰে। বৃদ্ধা বিমলা দত্তৰ প্ৰচেষ্টাক সচেতন মহলে শলাগ লৈছে।