ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৯৭২৫৭ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১৫৭৯ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৮৫জন যোৰহাটৰ, ১৮০জন গোলাঘাটৰ, ১৫০ জন কামৰূপ মেট্ৰ’ৰ আৰু ১০৩জন শোণিতপুৰৰ। দেওবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ১.৬২ শতাংশ।
আনহাতে,দেওবাৰৰ দিনটোত মৃত্যু হৈছে ১৬ জন ব্যক্তিৰ৷উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ২৭৯৩ জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৫.১০ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫৩৩৬৬৩জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ১৯৯৭২ জন ৰোগী।












