ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১৩৩৩০৮ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৩৯১ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ২২৮ জন কামৰূপ মেট্ৰ’ৰ। শনিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ১.৭৯ শতাংশ।
আনহাতে,শনিবাৰৰ দিনটোত মৃত্যু হৈছে ২৪ জন ব্যক্তিৰ৷ উল্লেখ্য যে শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থৰ হাৰ ৯৪.৮৬ শতাংশ।












