ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১০৬৭৬০ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৬৪৪ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৬৮ জন কামৰূপ মেট্ৰ’ৰ। বৃহস্পতিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ২.৪৮ শতাংশ। আনহাতে,বৃহস্পতিবাৰৰ দিনটোত মৃত্যু হৈছে ২১জন ব্যক্তিৰ৷ উল্লেখ্য ৰাজ্যত সুস্থৰ হাৰ ৯৪ .৭২ শতাংশ।












